মেকুৰীৰ জীয়েকৰ সাধু (Cat's Daughter's Saint)

 

                          মেকুৰীৰ জীয়েকৰ সাধু


 

              এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছেবুলি গিৰিহঁতনীক লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হেতই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ। নহলেনো মই ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাখনৰ পৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডবা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।

ইয়াৰ কিছু দিনৰ পাছতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালীদুজনী পালে। আতৌপুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায়।

ছোৱালী দুজনী জনা লত সিহঁতে এদিন মাকক লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহলে আমি কেনেকৈ

জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ লে, “ যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা কলা তেতিয়া তহঁতে মোক বিচাৰি যাবিইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল গাখীৰ মলা কেঁহৰাজ-বৰণীয়া তেতিয়া মাকৰ কিবা বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ নৈৰগৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি তাই আঁজলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰাভানীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে, আঙঠিটো দি পানী আনিলে ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি ইয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে

ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্রথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা

পালে বুলি কৈ তাই পোৱা মতা ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ৰাটো নৈত উটাই দিলে ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ৰা দুটাক ভনীয়েকৰ ৰাবুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে

এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই লে - “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাঙকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটেদাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই ল। ইফালে জেঠায়েকে সেই ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৱাইজক বলৈ লে।

সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিদাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি

কৰা বুলি মাকে ভাবি বলৈ ধৰিলে, “মোক কিয় ভেঙুচালি কৰিছাহঁক? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈতেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ

সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা জনাজাত তেতিয়া ৰাইজৰ পৰা বিচাৰ যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি সোমাইছিলোঁ তেওঁ আমাৰ আই।তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে নোৱাৰিলে। তেতিয়া ৰাইজে এই বিষয়ে বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা ভাঙি-পাতি সি বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্রমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্রণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি। ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থাকিল